পুষ্টি, স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ অভ্যাস আৰু সুষম আহাৰৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শিৱসাগৰ নগৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ পশ্চিম যমুনা খণ্ডত এখন 'পোষণ মেলা' অনুষ্ঠিত কৰা হয়।
এই কাৰ্যসূচীখন উদ্বোধন কৰে অতিৰিক্ত জিলা আয়ুক্ত (সমাজ কল্যাণ) গৌৰীপ্ৰিয়া দেউৰীয়ে । অনুষ্ঠানত শিৱসাগৰৰ ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া, শিৱসাগৰ নগৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, ছুপাৰভাইজাৰ সকল, অংগনৱাড়ী কৰ্মী আৰু অংগনৱাড়ী সহায়িকাসকল উপস্থিত থাকে।
পোষণ মেলাৰ অংশ হিচাপে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে স্থানীয়ভাৱে উপলব্ধ তথা সুলভ মূল্যৰ পুষ্টিকৰ আহাৰ প্ৰস্তুতকৰণৰ প্ৰদৰ্শনী আগবঢ়ায়, যিয়ে শিশু, মহিলা আৰু পৰিয়ালসমূহৰ উন্নত পুষ্টি নিশ্চিত কৰাত অৰিহণা যোগাব পাৰে।
#highlightseveryone
#everyone
#follower
#highlight