Public App Logo
Profile Picture

Sivasagar Breaking News

@usr17743701
107Followers
3Following
শিৱসাগৰত সাংসদ যোগেন মহনৰ সংবাদমেল

জিলা বিজেপিৰ কাৰ্যালয়ত ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে সংবাদ মেল সম্বোধন কৰে সাম্প্ৰতিক সময়ৰ প্ৰসংগক 

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সংবাদমেল। এই অভিযোগ ইতিমধ্যে মিছা বুলি প্ৰমাণিত হৈছে। জ্ঞানেশ কুমাৰ বিতৰ্ক সন্দৰ্ভত কংগ্ৰেছ দলে মুখ থেকেছা খাইছে। 

ইভিএম কংগ্ৰেছৰ দিনতহে প্ৰথম ব্যৱহাৰ কৰা হৈছিল। কিন্তু কংগ্ৰেছ দলে ইভিএমৰ বিৰুদ্ধে মাত মাতি থাকে। কংগ্ৰেছ দলে বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ লগতে আবোল তাবোল বকে। 

দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি বিৰূপ মন্তব্য কৰে কংগ্ৰেছে। ন্যায় ব্যৱস্থা সন্দৰ্ভতো বিদেশত বিৰূপ মন্তব্য কংগ্ৰেছৰ নেতাৰ। দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকৰ ক্ষেত্ৰতো ৰাহুল গান্ধীয়ে প্ৰশ্নৰ অৱতাৰণা কৰিছিল। ৰাহুল গান্ধীয়ে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈছিল। 

দেশৰ জনতাক কংগ্ৰেছ দলৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান সাংসদ যোগেন মহনৰ। কংগ্ৰেছ দলে শাসনত থাকোঁতেও কোনো উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে। এতিয়া দেশৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তুলিবৰ বাবে এনে কাম বাৰে বাৰে কৰি আহিছে।

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=bjpnews nis:value=BJPNEWS nis:enabled=true nis:link/>
শিৱসাগৰ জিলাৰ আয়ুক্ত মৃদুল য়াদৱে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সামগ্ৰিক ব্যৱস্থাপনাৰ লগতে, চাফ-চিকুণতা, যান-বহনৰ পাৰ্কিঙৰ ব্যৱস্থা, খোৱাপানী, নিৰাপত্তা, ৰূপায়ণ হৈ থকা আৰু বিভিন্ন নতুন প্ৰকল্পৰ পৰিকল্পনা আৰু অগ্ৰগতি, ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ বাবে উপলব্ধ সা-সুবিধা, বৈদ্যুতিন সা-সুবিধা আদি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয়। জিলা আয়ুক্ত গৰাকীয়ে আজি চিকিৎসালয়খনত আয়োজিত চিকিৎসালয় ব্যৱস্থাপনা সমাজৰ বৈঠকতো অধ্যক্ষতা কৰে। 

বৈঠকত জিলা আয়ুক্ত গৰাকীয়ে চিকিৎসালয়খনত বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ হোৱা আসোঁৱাহ আৰু অসুবিধাসমূহ দূৰীকৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰোগীৰ লগতে জনসাধাৰণৰ অভাৱ-অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰতো কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে। 

আজিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) ৰনন্ময় ভৰদ্বাজ প্ৰমুখ্যে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ চিকিৎসক বিষয়া আৰু স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে।

<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=dcsivasagar nis:value=dcsivasagar nis:enabled=true nis:link/>
যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যৰে পঞ্চায়ত প্ৰতিনিধিসকলৰ প্ৰশিক্ষণ শিবিৰ

শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ: শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিভাগৰ উদ্যোগত আজি ৩০ ছেপ্টেম্বৰ, বুধবাৰে জয়সাগৰস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ৰাজ্যিক প্ৰতিষ্ঠানত (এছ টি পি আৰ ডি) গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ মাজত যক্ষ্মা ৰোগ আৰু ‘যক্ষ্মামুক্ত পঞ্চায়ত’ সন্দৰ্ভত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ শ্ৰদ্ধাৰ পঙ্কজ হাজৰিকা দেৱে। শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ দ্বিজেন কোঁচ।

ডাঃ কোঁচে পঞ্চায়ত প্ৰতিনিধিসকলক যক্ষ্মা ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কেনেদৰে সংক্ৰমিত হয়, ৰোগবিধৰ বিভিন্ন লক্ষণ, চিকিৎসা পদ্ধতি আৰু যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে বিতংভাৱে অৱগত কৰে।

ইয়াৰ উপৰি জিলা যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী ৰিতুপৰ্ণা শইকীয়াই যক্ষ্মা ৰোগৰ ৰোগী আৰু চিকিৎসা সম্পৰ্কীয় তথ্য সংৰক্ষণ তথা পৰিচালনাৰ বাবে ব্যৱহৃত ‘নিক্ষয়’ (Nikshay) পৰ্টেলৰ বিষয়ে উপস্থিতসকলক অৱগত কৰে।

জিলা যক্ষ্মা ৰোগ বিভাগৰ পৰীক্ষাগাৰৰ দায়িত্বত থকা শ্ৰী কল্যাণ বৰীয়ে তেওঁৰ বক্তব্যত যক্ষ্মা ৰোগ নিৰ্ণয়ৰ বাবে কাহৰ নমুনা পৰীক্ষাৰ আধুনিক প্ৰযুক্তি ‘নাট’ (NAAT) পৰীক্ষাৰ বিষয়ে উপস্থিতসকলক বিস্তৃতভাৱে জানিবলৈ দিয়ে।

আনহাতে, যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী ৰিতু দত্তই তেওঁৰ বক্তব্যত যক্ষ্মা ৰোগৰ ব্যক্তিগত চিকিৎসা গ্ৰহণ কৰা ৰোগীসকলেও যক্ষ্মা নিৰ্মূল অভিযানৰ আওতাত পৰে বুলি উল্লেখ কৰে। লগতে যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ সহযোগিতা আৰু সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰশিক্ষণ শিবিৰত যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী নয়ন মালাকৰো উপস্থিত থাকে। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৪৫গৰাকীৰো অধিক পঞ্চায়ত প্ৰতিনিধিয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে।

যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যত পঞ্চায়ত পৰ্যায়ত সজাগতা বৃদ্ধি, ৰোগ চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ সক্ৰিয় ভূমিকা নিশ্চিত কৰাই এই প্ৰশিক্ষণ শিবিৰৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে আয়োজকসকলে।
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=dcsivasagar nis:value=dcsivasagar nis:enabled=true nis:link/>
শিৱসাগৰত এইবাৰ চোৰে জেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষতেই চলালে তাণ্ডৱ 

ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানৰ পৰা লুটি নিলে সা- সামগ্ৰীৰ লগতে চিলিণ্ডাৰ পৰ্যন্ত 

জিলা ন্যায়পালিকাৰ কাৰ্যালয়ৰ সমীপত সংঘটিত এই কাণ্ডই জোকাৰি গৈছে সমগ্ৰ শিৱসাগৰ 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত ৰাজ্য সভাৰ সাংসদ যোগেন মহনৰ সংবাদমেল সম্বোধন 
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/>
শিৱসাগৰত ৰংপুৰ সংগীত মঞ্চৰ উদ্যোগত সংগীতৰ সন্ধিয়া 

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত কৰে গীতৰ সন্ধিয়া 

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
শিৱসাগৰত অনাতাঁৰ শিল্পী সুৰুজ কুমাৰ পাতিৰিৰ গীতৰ প্ৰতিযোগিতা 

সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনে শুভাৰম্ভ কৰা সুৰুজ কুমাৰ পাতিৰিৰ গীতৰ প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰে প্ৰায় শতাধিক প্ৰতিযোগীয়ে

টি এম পি কে শিৱসাগৰ জিলা সমিতিৰ লগতে কেইবাটাও মিচিং জনগোষ্ঠীয় সংগঠনৰ যৌথ সহযোগত শিল্পী গৰাকীৰ ৬৮ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই গীতৰ প্ৰতিযোগিতা 

শিৱসাগৰৰ জনজাতি জিৰণি চ'ৰাত দিনযোৰা কৈ অনুষ্ঠিত কৰা এই গীতৰ প্ৰতিযোগিতা জিলা খনৰ চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰো বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে 

উল্লেখ্য যে সৰু কালৰ পৰাই মিচিং জনগোষ্ঠীৰ ওপৰত বিশেষ ভাৱে গীত ৰচনা কৰি পৰিবেশন কৰাৰ লগতে পদ্মশ্ৰী ইমৰাণ শ্বাহ, সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনৰ গীতটো সুৰ দি বহু সংখ্যক অসমীয়া গীত ৰচনা কৰিছে বৰ্তমান সময়লৈকে এই গৰাকী সুৰুজ কুমাৰ পাতিৰিয়ে ।
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/>
নগাঁৱৰ জুৰীয়াৰ বাবুল হুছেইন ই ৰিক্সা চালকৰ ৰূপত ড্ৰাগছ সৰবৰাহকাৰী ওলাল । 

ভাড়াতীয়া হিচাপে আছিল শিৱসাগৰৰ বনিয়া বাৰীত
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=sivasagarpolice nis:value=Sivasagarpolice nis:enabled=true nis:link/>
শিৱসাগৰৰ যুৱ দলত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী অসমীয়া যুৱ মঞ্চৰ 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyon nis:value=everyon nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followersシ゚ nis:value=followersシ゚ nis:enabled=true nis:link/>
গুৱাহাটী আজাৰাৰ নিমিষা ঠাকুৰীয়াৰ মৃতদেহ উদ্ধাৰ হোমষ্টেত 

আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আচিক আলিক নামৰ যুৱকজনক 

নিমিষাৰ মুখমণ্ডলৰ লগতে শৰীৰৰ গোপন ঠাইত আঘাতৰ চিন পোৱা বুলি জানিব পৰা গৈছে 

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followers nis:value=followers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
📌 ৫ অক্টোবৰৰ উপহাৰ কুপনৰ খেলৰ বাবে সাজু হওক আপুনিও। ভাগ্য ফুলিলে আপোনাৰ চোতাললৈও আহিব পাৰে বি এম ডব্লিও বাহনৰ লগতে অন্যান্য চাৰিচকীয়া বিলাসী বাহন। 

📌 কিয়নো শিৱসাগৰৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আয়োজন কৰা হৈছে এক বৃহৎ উপহাৰ কুপনৰ খেল। শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক ভৱন নিৰ্মাণৰ সাহায্যার্থে আয়োজন কৰা এই উপহাৰ কুপনৰ খেলত আছে বিএমডব্লিও, হুণ্ডাই, চুজুকী, টাটা মহিন্দ্ৰা আদি কোম্পানীৰ চাৰিচকীয়া বিলাসী বাহন, বাইক, স্কুটী আৰি অন্যান্য আকৰ্ষণীয় উপহাৰ। 

📌 শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ সমীপৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া এই উপহাৰ কুপনৰ খেলৰ কুপন চৌহদৰ অস্থায়ী শিবিৰত উপলব্ধ হৈ আছে। তাৰোপৰি অনলাইনতো উপলব্ধ হোৱা কুপন ক্ৰয় কৰিবৰ বাবে *9181699334*, *9181779851* নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সকলে জানিবলৈ দিছে। তাৰোপৰি উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় অনুমতি জিলা প্ৰশাসনৰ পৰা ইতিমধ্যে প্ৰদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/>
শিৱসাগৰত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সংবাদ মেল সম্বোধন। 

ৰন্টু পানী ফুকন, শৃংখল চলিহা, বিকাশ অসমকে আদি কৰি বহু কেইগৰাকী কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত
বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ ডাঙৰ সিদ্ধান্ত 

শৃংখল চলিহাই কি কলে শুনক

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=birlachitsena nis:value=birlachitsena nis:enabled=true nis:link/>
শিৱসাগৰত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনৰ ঘোষণা 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollower nis:value=Nonfollower nis:enabled=true nis:link/>
*শিৱসাগৰ ৰেল ষ্টেচনত দেখা গল অভাৱনীয় পৰিৱেশ।

*উজনিৰ পৰা গুৱাহাটীলৈ বুলি ৰেলেৰে হাজাৰ লোকৰ যাত্ৰা।

*কালিলৈ গুৱাহাটীত উজনিৰ বানপীড়িত লোকক লৈ ৰাইজৰ দলে আয়োজন কৰিছে বিশাল গণ সমাবেশ।

*বানপীড়িত লোকসকলে বৰ্তমানেও ১৫ হাজাৰ টকাৰ অন্তৰ্ৱতীকালীন বান সাহাৰ্য লাভ নকৰাৰ প্ৰতিবাদত গুৱাহাটীত ৰাইজৰ দলে আয়োজন কৰিছে বিশাল গণ সমাবেশ।

*পুৱা জিলা আৰু আৰক্ষী প্ৰশাসনে গণ সমাবেশত অংশ লোৱাৰ বাবে শিৱসাগৰ ৰেল ষ্টেচনত উপস্থিত লোকক বাধা আৰোপ কৰিছিল।

*বিয়লিলৈ এই বাধা শিথিল কৰি গণ সমাবেশত অংশ লোৱা লোকসকলক যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰে জিলা আৰু আৰক্ষী প্ৰশাসনে।
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=raijordol nis:value=RaijorDol nis:enabled=true nis:link/>
Video 15
*শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত দিখৌমুখ পঞ্চায়তত অনুষ্ঠিত বিশাল সজাগতা সভা*

শিৱসাগৰ জিলাৰ দিখৌমুখ গাও পঞ্চায়তত পঞ্চায়ত সভানেত্ৰী পূৰ্ণিমা সাউদৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সজাগতা সভাখনি । শিৱসাগৰ জিলাৰ যক্ষ্মা ৰোগ বিভাগ, জিলা এইডছ নিয়ন্ত্ৰণ আৰু জিলা আইন সেৱা প্ৰাধিকৰণ শিৱসাগৰৰ অধীনত যক্ষ্মা, এইচ. আই. ভি.- এইডছ, বাল্য বিবাহ প্ৰতিৰোধ আদি বিভিন্ন বিষয়ৰ ওপৰত ১৮-০৯-২০২৬ তাৰিখে অনুষ্ঠিত হয় এই সজাগতা সভাখনি  

উক্ত অনুষ্ঠানত জিলা যক্ষ্মা ৰোগ বিষয়া তথা জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডা: দ্বিজেন কোচ, জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ প্ৰতিৰোধ (Prevention of Parents to Child Transmission- PPTCT) -ৰ সমন্বয়ক শ্যামল নেওগ, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী(National TB Elimination Program - NTEP), শিৱসাগৰৰ জ্যেষ্ঠ চিকিৎসা পৰিদৰ্শকদ্বয় ডা: ৰাজীৱ শইকীয়া আৰু ডা:ত্ৰিদিব নন্দন শইকীয়া, জিলা আইন সেৱা প্ৰাধিকৰণৰ আইনী সাহায্য পৰামৰ্শদাতা আবিদুৰ ৰহমান, সমন্বিত উন্নয়নৰ সমতাভিত্তিক পদক্ষেপৰ উত্তৰ-পূব কেন্দ্ৰ (Northeast Centre for Equity Action on Integrated Development- NEAID) -ৰ খণ্ড সমন্বয়ক পাৰবীন চুলতানা বেগম আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ  অনুপম দাস উপস্থিত থাকে।

জিলা যক্ষ্মা ৰোগ বিষয়া ডা: দ্বিজেন কোচে যক্ষ্মা ৰোগ কি, ইয়াৰ লক্ষণ, এই ৰোগ কেনেকৈ বিয়পে, এই ৰোগৰ চিকিৎসা ব্যৱস্থা আৰু প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা মুক্ত পঞ্চায়ত (TB Mukt Panchayat) অভিযানৰ বিষয়ে  ৰাইজক বিতংভাৱে অবগত কৰে। 

এইডছ প্ৰতিৰোধৰ সমল ব্যক্তি শ্যামল নেওগে জনসাধাৰণৰ মাজত এইডছৰ সজাগতা বিষয়ে ভাষণ প্ৰদান কৰে। তেওঁ ভাষণত যুব প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰচলনৰ ভয়াবহতা, অসুৰক্ষিত যৌন সম্পৰ্ক আদি কাৰণে যে এইডছ বিয়পে সেই বিষয়ে উল্লেখ কৰি ইয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। 

জিলা আইন সেৱা প্ৰাধিকৰণৰ খণ্ড সমন্বয়ক পাৰবীন চুলতানা বেগমে তেখেতৰ ভাষণত বাল্য বিবাহ প্ৰতিৰোধৰ বিষয়ে বক্তব্য প্ৰদান কৰে।

জিলা আইন সেৱা প্ৰাধিকৰণৰ আইনী সাহায্য পৰামৰ্শদাতা আবিদুৰ ৰহমানে এইডছ প্ৰতিৰোধ আইন-২০১৭ -ৰ বিষয়ে আলোচনা আগবঢ়ায়। 

দিখৌমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁওৰ বহু ৰাইজ এই সজাগতা সভাত উপস্থিত থাকে।

<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=dlsasivasagar nis:value=dlsasivasagar nis:enabled=true nis:link/>
শিৱসাগৰত বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ সংবাদ মেল । 

সংবাদ মেলত উপস্থিত মুখ্য সচিব ৰন্টু পানীফুকন,প্ৰশাসনিক সচিব শৃংখল চলিহা,সাংগঠনিক সচিব হৰ কুমাৰ গগৈ কে ধৰি বহু কেইজন কেন্দ্ৰীয় বিষয়ববীয়া।

বীৰ লাচিত সেনা সভাপতি হেমন্ত বড়াক বীৰ লাচিত সেনা পৰা বহিস্কাৰ কৰা হৈছে।

আজি পৰা বীৰ লাচিত সেনা নাম ব্যৱহাৰৰ কৰিব নোৱাৰিব।

বিগত দিন সমূহত বীৰ লাচিত সেনা সংবিধান বিৰুদ্ধে কাম কৰা অভিযোগ।

যোৱা ৫ জুলাইত এখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হৈছিল।

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ বৈঠক বহু তথ্য তেওঁ মনে মনে ৰাজহুৱা কৰা লগতে বহুতৰে লগত ধনৰ লেন দেন কৰিছিল। 

এসময়ত আমাৰ সংগঠনৰ পৰা বহিস্কাৰ হোৱা নেতা তেওঁ লোকৰ লগত জড়িত হৈছে।

কাইলৈ শিৱসাগৰত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হব।আৰু পৰৱৰ্তী সময়ত সৈনিক সমাৰোহ অনুষ্ঠিত হোৱা লৈকে বীৰ লাচিত সেনা সাংস্কৃতিক সচিবক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে উৎপল দত্তক দায়িত্ব অৰ্পণ কৰা হৈছে।

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowersシ゚ nis:value=nonfollowersシ゚ nis:enabled=true nis:link/>
বানা পীড়িত প্ৰতি গৰাকীক ২ লাখকৈ দিয়াৰ দাবীত অ এন জি চিৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী ঘোষণা শৃংখল চলিহাৰ 
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followersシ゚ nis:value=followersシ゚ nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=ongc nis:value=ongc nis:enabled=true nis:link/>
শিৱসাগৰৰ নগৰৰ মাজমজিয়াৰ মুক্তি নাথ চাৰিআলিত উজনি অসম থলুৱা মুছলিম পৰিষদকে আদি কৰি কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত জুবিন দিৱস পালন 

ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি জুবিন দিৱস পালন কৰি বিনামূলীয়াকৈ স্প্ৰে আৰ্ট গামোচা স্পৰ্টিংত কৰিছে সংগঠন কেইটাৰ উদ্যোগত
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
লেহ-লাডাখৰ শান্তি স্তুপাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰৰ পাঁচ যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

অসমৰ সংগীতজগতৰ মহীৰূহ, যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস তথা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ লেহ-লাডাখৰ ভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে শিৱসাগৰৰ পাঁচ বন্ধুৱে।

লেহৰ ঐতিহাসিক শান্তি স্তুপত উপস্থিত হৈ পাঁচ যুৱকে জুবিন গাৰ্গৰ স্মৃতিত নীৰৱ শ্ৰদ্ধা নিবেদন কৰে। লাডাখৰ নিৰ্মল আকাশ, শান্ত পৰিৱেশ আৰু হিমালয়ৰ বিশালতাৰ মাজত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা এই শ্ৰদ্ধাঞ্জলিয়ে এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে।

শিৱসাগৰৰ পৰা লেহ-লাডাখ ভ্ৰমণলৈ অহা এই পাঁচ বন্ধু হৈছে পাৰ্থপ্ৰতীম বৰা, বিশ্বজিৎ, পবিত্ৰ, জ্ঞানদীপ আৰু মনদীপ। বন্ধুত্বৰ এক সপোনৰ যাত্ৰাক স্মৰণীয় কৰি তুলিবলৈ তেওঁলোকে জুবিন গাৰ্গৰ স্মৃতিত এই বিশেষ শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে।

তেওঁলোকৰ মতে, “জুবিন কেৱল এজন শিল্পী নাছিল; তেওঁ আছিল অসমীয়া জাতিৰ আৱেগ, আমাৰ যৌৱনৰ সংগী আৰু আমাৰ সপোনৰ এক অবিচ্ছেদ্য অংশ। লাডাখৰ এই শান্তিৰ ভূমিৰ পৰা তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।”

অসমৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত, হিমালয়ৰ বুকুত জুবিনৰ স্মৃতিক সুঁৱৰি শিৱসাগৰৰ এই পাঁচ বন্ধুৱে যেন আকৌ এবাৰ প্ৰমাণ কৰিলে—
ভৌগোলিক দূৰত্বই হৃদয়ৰ দূৰত্ব সৃষ্টি কৰিব নোৱাৰে।

জুবিন গাৰ্গৰ কণ্ঠৰ সুৰ যেন লাডাখৰ নিৰৱ পাহাৰতো আজি প্ৰতিধ্বনিত—

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
জুবিন গাৰ্গৰ কালজয়ী গীত
লোক বাদ্য শিল্পী দ্বীজেন গগৈ ডাঙৰীয়াৰ নেতৃত্বত ষোল্ল ফুট দৈৰ্ঘ্যৰ বাঁহীত জুবিন গাৰ্গৰ গীতৰ ধ্বনি
শিৱসাগৰত জুবিন দিৱস শিৱসাগৰ বাসীৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি নগৰৰ মাজমজিয়াত
পোহৰৰে ছাকি গছি শীৰ্ষক কাৰ্যসূচীৰে শ্ৰদ্ধাৰ্ঘ্য 

 শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
Sivasagar Breaking News (@usr17743701) | Public App