যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যৰে পঞ্চায়ত প্ৰতিনিধিসকলৰ প্ৰশিক্ষণ শিবিৰ
শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ: শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিভাগৰ উদ্যোগত আজি ৩০ ছেপ্টেম্বৰ, বুধবাৰে জয়সাগৰস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ৰাজ্যিক প্ৰতিষ্ঠানত (এছ টি পি আৰ ডি) গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ মাজত যক্ষ্মা ৰোগ আৰু ‘যক্ষ্মামুক্ত পঞ্চায়ত’ সন্দৰ্ভত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।
প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ শ্ৰদ্ধাৰ পঙ্কজ হাজৰিকা দেৱে। শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ দ্বিজেন কোঁচ।
ডাঃ কোঁচে পঞ্চায়ত প্ৰতিনিধিসকলক যক্ষ্মা ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কেনেদৰে সংক্ৰমিত হয়, ৰোগবিধৰ বিভিন্ন লক্ষণ, চিকিৎসা পদ্ধতি আৰু যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে বিতংভাৱে অৱগত কৰে।
ইয়াৰ উপৰি জিলা যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী ৰিতুপৰ্ণা শইকীয়াই যক্ষ্মা ৰোগৰ ৰোগী আৰু চিকিৎসা সম্পৰ্কীয় তথ্য সংৰক্ষণ তথা পৰিচালনাৰ বাবে ব্যৱহৃত ‘নিক্ষয়’ (Nikshay) পৰ্টেলৰ বিষয়ে উপস্থিতসকলক অৱগত কৰে।
জিলা যক্ষ্মা ৰোগ বিভাগৰ পৰীক্ষাগাৰৰ দায়িত্বত থকা শ্ৰী কল্যাণ বৰীয়ে তেওঁৰ বক্তব্যত যক্ষ্মা ৰোগ নিৰ্ণয়ৰ বাবে কাহৰ নমুনা পৰীক্ষাৰ আধুনিক প্ৰযুক্তি ‘নাট’ (NAAT) পৰীক্ষাৰ বিষয়ে উপস্থিতসকলক বিস্তৃতভাৱে জানিবলৈ দিয়ে।
আনহাতে, যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী ৰিতু দত্তই তেওঁৰ বক্তব্যত যক্ষ্মা ৰোগৰ ব্যক্তিগত চিকিৎসা গ্ৰহণ কৰা ৰোগীসকলেও যক্ষ্মা নিৰ্মূল অভিযানৰ আওতাত পৰে বুলি উল্লেখ কৰে। লগতে যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ সহযোগিতা আৰু সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
প্ৰশিক্ষণ শিবিৰত যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী নয়ন মালাকৰো উপস্থিত থাকে। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৪৫গৰাকীৰো অধিক পঞ্চায়ত প্ৰতিনিধিয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে।
যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যত পঞ্চায়ত পৰ্যায়ত সজাগতা বৃদ্ধি, ৰোগ চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ সক্ৰিয় ভূমিকা নিশ্চিত কৰাই এই প্ৰশিক্ষণ শিবিৰৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে আয়োজকসকলে।
#highlightseveryone
#everyone
#follower
#dcsivasagar