কালিলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তত কাইলৈ অৰ্থাৎ ১৫ আগষ্ট তাৰিখে ৮০ সংখ্যাক স্বাধীনতা দিৱস উদযাপন কৰা হ’ব ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টী, ছয়দুৱাৰ মণ্ডল সমিতিৰ উদ্যোগত বিধায়ক উৎপল বৰাৰ নেতৃত্বত আজি স্বাধীনতা দিৱস উপলক্ষে বৰঙাবাৰীৰ মধ্য ছয়দুৱাৰ উচ্চতৰ বিদ্যালয় পৰা আৰম্ভ কৰি বৰঙাবাৰী স্থিত শ্বহীদ কনকলতা বৰুৱা প্ৰতিমূৰ্তি লৈকে ত্ৰিৰংগা যাত্ৰা কৰা হয় ৷ এই যাত্ৰা বিধায়ক উৎপল বৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকল , মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷
#public #friends #highlights #news #viral #reels #everyone #facebook