বেদৰ মন্ৰৰ ধ্বনিৰে সামৰণি পৰিল গহপুৰৰ গমিৰি বৈদিক সন্মিলন৷
গহপুৰ সমজিলাৰ গমিৰি গধৰিয়া বস্তিত যোৱা ২৬ ছেপ্তেম্বৰৰ পৰা মহৰ্ষি সন্দীপনী ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠান আৰু মা গায়ত্ৰী বেদ বিদ্যালয়ৰ যৌথ তত্বাৱাধানত অনুষ্ঠিত হোৱা বৈদিক সন্মিলন আজি সামৰণি পৰিছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বৈদিক সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চাৰিও খন বেদৰ বিশিষ্ট পণ্ডিত, বেদ পাঠী, আচাৰ্য, প্ৰাচাৰ্য, শিক্ষাবিদ, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বৈদিক সন্মিলনত অংশগ্ৰহণ কৰিছিল ৷ সন্মিলনত মহৰ্ষি সন্দীপনী ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠাৰ সঞ্চালক আৰু কুমাৰ ভাস্কৰ বৰৰ্মা, সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আদি ও অংশগ্ৰহণ কৰিছিল ৷ যোৱা কালি ২৭ ছেপ্তেম্বৰ তাৰিখে বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটৰ গুপ্ত কাশী, বিহালী ৰাঙচালীৰ পিতাম্বৰ পীঠ, দিপৰা মা কল্যাণী শক্তি পীঠ আৰু গমিৰিৰ স্বৰস্বতী মন্দিৰত চতুৰ বেদ পৰায়ন অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানত বিক বেদ, যজুৰ্বেদ, সাম বেদ আৰু অথৰ্ব বেদৰ পৰায়ণ হৈ আজি সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ মহৰ্ষি সন্দীপনী ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠনত অনুষ্ঠিত ধৰ্মীয় সভাত সভাপতিত্ব কৰে গমিৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য নাৰায়ণ উপাধ্যায়ে ৷ ধৰ্মীয় সভাত অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট পণ্ডিত, বেদ পাঠী সকলক সভাত সম্বৰ্ধনা জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয় ৷
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7