বিহালীত আৰক্ষীৰ অভিযান, জালনোট সহ এজনক আটক বিহালী আৰক্ষীৰ
বিহালী আৰক্ষীৰ এক সফল অভিযানত বৃহৎ পৰিমাণৰ জালনোট সহ এজন যুৱকক আটক কৰা হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১২.১০ বজাত এক গোপন তথ্যৰ ভিত্তিত বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তেওঁৰ দলে AR-01-7700 নম্বৰৰ অৰুণাচল ভিত্তিক যাত্ৰা বাছত অভিযান চলায়। অভিযানকালত লখিমপুৰ জিলাৰ বিহপুৰীয়া গাৱৰ মঃ জমিৰুল ইছলাম (২১) নামৰ যুৱক জনক আটক কৰে।
তালাচীৰ সময়ত তেওঁৰ পৰা ৮৬,৪০০ টকাৰ আচল ভাৰতীয় মুদ্ৰা আৰু ১,৯৯,০০০ টকা মূল্যৰ ৩৯৮ খন জালনোট জব্দ কৰা হয়। জেৰাৰ সময়ত ধৃত যুৱকজনে প্ৰকাশ কৰে যে, তেওঁ এই ধনখিনি জাল সোণ কিনা আৰু জালনোট সলনি কৰাৰ বাবে লৈ গৈ আছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।✅✅✅#behalidarpan