*শিৱসাগৰ জিলাত অহা ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ এপৰ মাধ্যমেৰে কৰা হ'ব বানৰ ক্ষয়-ক্ষতিৰ সমীক্ষা*
শিৱসাগৰ, ৮ আগষ্ট: শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বান প্ৰভাৱিত অঞ্চলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে মোবাইল এপৰ মাধ্যমেৰে এক ব্যাপক সমীক্ষা কাৰ্যসূচী আৰম্ভ কৰা হ'ব অহা ৯ আগষ্টৰ পৰা।
জিলা প্ৰশাসনে ইতিমধ্যে এইক্ষেত্ৰত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ ৮ খন গাওঁ পঞ্চায়তৰ ৮০ গৰাকী, শিৱসাগৰ বিধানসভা সমষ্টিৰ ২৩০ গৰাকী আৰু নাজিৰা বিধানসভা সমষ্টিৰ ৩৮০ গৰাকী শিক্ষকক সমীক্ষাকাৰক হিচাপে আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয় আৰু নাজিৰা মহাবিদ্যালয়ত বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হয়। জিলা আয়ুক্ত মৃদুল য়াদৱে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত সমীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষক সকলক সম্বোধন কৰে।
এই সমীক্ষা প্ৰক্ৰিয়াত ব্যাপক আৰু গুৰুতৰভাৱে বানপীড়িত সকলক সামৰি লোৱা হ'ব।
উক্ত সমীক্ষা প্ৰক্ৰিয়াৰ সময়ত ভুক্তভোগী সকলে নিজৰ আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ড দেখুওৱাৰ লগতে বানৰ ক্ষতি সম্পৰ্কীয় ফটো তথ্য হিচাপে প্ৰদান কৰিব লাগিব।
উল্লেখ্য যে, অহা ১৫ দিনৰ ভিতৰত এই সমীক্ষা তথ্য-ভিত্তিক তথা শুদ্ধ ৰূপত সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে লক্ষ্য নিৰ্ধাৰণ কৰিছে।
#highlightseveryone #everyonefollowers #nonfollowers #sivasagarflood #Dipro #dcsivasagar