গহপুৰৰ মিছামাৰীত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত জুবিন গাৰ্গ সোৱৰণী ফুটবল খেলৰ প্ৰথম খন খেলত কাৰ্চাং এফ চি মাজুলী ফুটবল দলক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰি গহপুৰ ফুটবল এফচিৰ জয়লাভ।
বিশ্বনাথ জিলাৰ গহপুৰৰ মিছামাৰীত মিছামাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু গহপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানৰ লগতে মিছামাৰী যুৱক সংঘৰ সহযোগত অনুষ্ঠিত কৰা প্ৰয়াত জুবিন গাৰ্গ সোৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ আজি প্ৰথম খন খেল অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাৰ আজিৰ খেলত কাৰ্ছাং ফুটবল একাদশ মাজুলী আৰু গহপুৰ ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। এক অতি উত্তেজনা পূৰ্ণ খেলত ২ - ১ গলৰ ব্যৱধানত কাৰ্ছাং ফুটবল একাদশ মাজুলীক পৰাজিত কৰি গহপুৰ ফুটবল একাদশে জয়লাভ কৰিবলৈ সক্ষম হয়। অহা কাইলৈৰ দ্বিতীয় খন খেল আমিঘোষ ফুটবল একাদশ তেজপুৰ বনাম বোকাখাতৰ খেৰাজখাট ফুটবল একাদশৰ মাজত অনুষ্ঠিত হব। সেয়েহে সমুহ ক্ৰীড়া প্ৰেমী দৰ্শকৰ উপস্থিতি একান্ত ভাৱে কামনা কৰিছে উদ্যোগতা সকলে।
Helem, Biswanath | Oct 3, 2026