সংবাদ মেল চলি থকাৰ মাজতেই এক অপ্ৰত্যাশিত পৰিস্থিতি। ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুলত সৃষ্টি হৈছে তীব্ৰ বাক-বিতণ্ডা। বিদ্যালয়খনক লৈ শেহতীয়াকৈ সংবাদ মাধ্যমত সম্প্ৰচাৰিত বাতৰিৰ সন্দৰ্ভত নিজৰ পক্ষ ৰাখিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনাইছিল সংবাদ মেল।
কিন্তু সংবাদ মেল আধাতে স্তব্ধ কৰি হঠাতে স্থানটোত উপস্থিত হয় ‘আছু’ৰ বিষয়ববীয়াসকল। পৰিচালনা সমিতিৰ মুখামুখি হৈ আছুৰ প্ৰতিনিধি দলে বিদ্যালয়খনত চলি থকা বিভিন্ন অভিযোগ আৰু অনিয়মক লৈ ধাৰাবাহিক প্ৰশ্নবাণেৰে জৰ্জৰিত কৰে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক।
আছুৰ এই জোৰদাৰ প্ৰশ্নবাণৰ আগত পৰিচালনা সমিতিয়ে কেনেধৰণৰ প্ৰত্যুত্তৰ দিয়ে আৰু মাৰোৱাৰী হিন্দী হাইস্কুলৰ এই সমগ্ৰ বিতৰ্কই কি মোৰ লয়, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।