
*বানাক্ৰান্ত পৰিয়ালৰ বাবে শিৱসাগৰ জিলাত কৰা হ'ব ৬০,০০০ কপাহী গাদী বিতৰণ*
শিৱসাগৰ, ১০ আগষ্ট: ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকাহ প্ৰদানৰ উদ্দেশ্যে গ্ৰহণ কৰা বিশেষ সাহায্য পদক্ষেপৰ অধীনত শিৱসাগৰ জিলালৈ ৬০,০০০খন কপাহী গাদী (Cotton Mattress) আবণ্টন কৰা হৈছে।
উল্লেখযোগ্য যে, উজনি অসমৰ বানাক্ৰান্ত জিলাসমূহৰ বাবে অসম চৰকাৰে মুঠ ১,০০,০০০খন কপাহী গাদী বিতৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বিশেষ সাহায্য পদক্ষেপটো Flood and River Erosion Management Agency of Assam (FREMAA)-এ জলসম্পদ বিভাগৰ সমন্বয়ত আৰু Asian Development Bank (ADB)-ৰ সহযোগত ৰূপায়ণ কৰিছে। ইয়াৰ ভিতৰত শিৱসাগৰ জিলাৰ বাবে সৰ্বাধিক ৬০,০০০ খন কপাহী গাদী আবণ্টন কৰা হৈছে।
জিলা প্ৰশাসনে ইতিমধ্যে এই সাহায্য সামগ্ৰীসমূহ গ্ৰহণ, সংৰক্ষণ আৰু যোগ্য বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত স্বচ্ছভাৱে বিতৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। FREMAA-ৰ নিৰ্দেশনা অনুসৰি সামগ্ৰীসমূহ পৰীক্ষা, নিৰাপদ সংৰক্ষণ আৰু প্ৰকৃত বানাক্ৰান্ত তথা যোগ্য হিতাধিকাৰীৰ মাজত বিতৰণ নিশ্চিত কৰা হ’ব। ৭ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব এই বিতৰণ প্ৰক্ৰিয়া
জিলা প্ৰশাসনৰ নিৰ্দেশনাত উন্নয়ন খণ্ড পৰ্যায়ত কাৰ্যবাহী বিষয়া অথবা খণ্ড উন্নয়ন বিষয়া আৰু সংশ্লিষ্ট গাঁও পঞ্চায়তৰ বিষয়াৰ জৰিয়তে কপাহী গাদীসমূহ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। সংশ্লিষ্ট এলেকাৰ বানাক্ৰান্ত আৰু যোগ্য পৰিয়ালসমূহৰ মাজত বিতৰণ প্ৰক্ৰিয়া অহা ৭ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
বিতৰণ প্ৰক্ৰিয়াত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে হিতাধিকাৰীৰ প্ৰাপ্যতা, বিতৰণৰ তথ্য আৰু প্ৰাপ্তিৰ স্বীকৃতি যথাযথভাৱে সংৰক্ষণ কৰা হ’ব। FREMAA-ৰ নিৰ্দেশনা অনুসৰি বিতৰণ সম্পূৰ্ণ হোৱাৰ পিছত Actual Pay Receipt/Distribution Acknowledgement আৰু আনুষংগিক নথি সংৰক্ষণ তথা দাখিল কৰা হ’ব।
জিলা প্ৰশাসনে সকলো সংশ্লিষ্ট বিষয়া, পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰীক সমন্বিতভাৱে কাম কৰি সময়মতে আৰু স্বচ্ছভাৱে এই সাহায্য সামগ্ৰী প্ৰকৃত বানাক্ৰান্ত পৰিয়ালসমূহৰ ওচৰলৈ পঠিয়াবলৈ আহ্বান জনাইছে।
#highlights #everyonefollowers #followmeonfacebook #everyonehighlights