দেশৰ গৌৰৱোজ্জ্বল ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী অতি গাম্ভীৰ্যপূৰ্ণ তথা উলহ-মালহেৰে গড়মূৰ কাছাৰী ময়দানত সম্পন্ন হয়।
প জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে গান্ধী মণ্ডপত পুষ্পাঞ্জলি অৰ্পণ আৰু শ্বহীদ তৰ্পণ কৰাৰ অন্তত পেৰেড গ্ৰাউণ্ডত আৰক্ষী বাহিনীৰ 'গাৰ্ড অৱ অনাৰ' গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰে আৰু জিলাবাসীক সম্বোধি স্বাধীনতা দিৱসৰ বক্তব্য প্ৰদান কৰে।
উক্ত ঐতিহাসিক অনুষ্ঠানত মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভুবন গাম , মাজুলী জিলাৰ আৰক্ষী অধীক্ষক সোমালীন শুভদৰ্শিনী , শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ ড° শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী তথা অতিৰিক্ত জিলা আয়ুক্তবৃন্দ, জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনীৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰীসকলৰ লগতে সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকে৷
অনুষ্ঠানত আৰক্ষী, গৃহৰক্ষী আৰু বিদ্যালয়সমূহৰ দ্বাৰা আকৰ্ষণীয় মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰা হয়। ইয়াৰ সমান্তৰালকৈ মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ৰ দ্বাৰা ঝুমুৰা (কালীয় দমন), কাৰ্পুন পুলি আঞ্চলিক দিৰ্বি কেবাঙৰ দ্বাৰা লত্তা: চমন ঐনিতম নৃত্য, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান, কোচ ৰাজবংশী কৃষ্টি দলৰ দ্বাৰা গোৱালিনী নৃত্য আৰু সাধনা সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা সমবেত ভূপেন্দ্ৰ সংগীতকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয়। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা আৰু বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
#independencedayindia