শিৱসাগৰত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত লোকপিয়ল ২০২৭ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। লোকপিয়ল প্ৰক্ৰিয়াটো সঠিক, সুচাৰু আৰু ফলপ্ৰসূভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা আৰু অংশগ্ৰহণৰ গুৰুত্ব সন্দৰ্ভত সভাখনত বিতংভাৱে আলোচনা কৰা হয়।
সজাগতা সভাখনত লোকপিয়ল সঞ্চালকালয়, অসমৰ সহকাৰী সঞ্চালক শ্ৰী সপ্তৰাজ দাস, DPA-A তথা জিলা সমন্বয়ৰক্ষী বিষয়া কে. ৰাংছাং আৰু অৱসৰপ্ৰাপ্ত পৰামৰ্শদাতা তথা জিলা সমন্বয়ৰক্ষী বিষয়া শ্ৰী অৰ্জুন তালুকদাৰে অংশগ্ৰহণ কৰে।
Assam, India | Sep 28, 2026